এবাৰ পোৱা পৰিত্ৰাণ সদায়ৰ বাবে পৰিত্ৰাণনে?

প্রশ্ন এবাৰ পোৱা পৰিত্ৰাণ সদায়ৰ বাবে পৰিত্ৰাণনে? উত্তৰ কোনোৱে এবাৰ পৰিত্ৰাণ পালে সদয়ৰ বাবে পৰিত্ৰাণ নে? যেতিয়া মানুহে খ্ৰীষ্টক তেওঁলোকৰ ত্ৰাণকৰ্তা বুলি জানে, তেওঁলোক ঈশ্বৰৰ সম্পৰ্কলৈ আহে যিয়ে তেওঁলোকক অনন্ত কালৰ বাবে পৰিত্ৰাণৰ নিশ্চয়তা দিয়ে। শাস্ত্ৰত বহুতো তেনে অংশ আছে যিবিলাকে সেই সত্যতাটো ঘোষণা কৰিছে। (ক) ৰোমীয়া ৮:৩০ত আছে, “আৰু যিবিলাকক আগেয়ে নিৰূপন কৰিলে, তেওঁবিলাকক…

প্রশ্ন

এবাৰ পোৱা পৰিত্ৰাণ সদায়ৰ বাবে পৰিত্ৰাণনে?

উত্তৰ

কোনোৱে এবাৰ পৰিত্ৰাণ পালে সদয়ৰ বাবে পৰিত্ৰাণ নে? যেতিয়া মানুহে খ্ৰীষ্টক তেওঁলোকৰ ত্ৰাণকৰ্তা বুলি জানে, তেওঁলোক ঈশ্বৰৰ সম্পৰ্কলৈ আহে যিয়ে তেওঁলোকক অনন্ত কালৰ বাবে পৰিত্ৰাণৰ নিশ্চয়তা দিয়ে। শাস্ত্ৰত বহুতো তেনে অংশ আছে যিবিলাকে সেই সত্যতাটো ঘোষণা কৰিছে। (ক) ৰোমীয়া ৮:৩০ত আছে, “আৰু যিবিলাকক আগেয়ে নিৰূপন কৰিলে, তেওঁবিলাকক আমন্ত্ৰণ কৰিলে, তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে, আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁবিলাকক গৌৰৱান্বিতো কৰিলে।” এই পদটোৱে আমাক কৈছে যে ঈশ্বৰে আমাক মনোনীত কৰা সময়ৰ পৰা, আমি স্বৰ্গত তেওঁৰ উপস্থিতিত গৌৰৱান্বিত হোৱাৰ দৰে। ঈশ্বৰে স্বৰ্গত মনোনীত কৰা এজন বিশ্বাসীক কোনোৱে বাধা দিব নোৱাৰে। যেতিয়া এজন ধাৰ্মিক বুলি গণিত হ’ল, তেওঁৰ পৰিত্ৰাণ নিশ্চিত হ’ল- তেওঁ স্বৰ্গত গৌৰৱান্বিত হোৱাৰ দৰেই সুৰক্ষিত।

(খ) ৰোমীয়া ৮:৩৭-৩৪ত পৌলে দুটা জটিল প্ৰশ্ন কৰিছে “দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি মৃতবিলাকৰ মজৰ পৰা তোলাও হ’ল, সেই জনা খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, অমাৰ কাৰণে নিবেদনো কৰি আছে।” ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ আনিব? কোনেও নানিব, কিয়নো খ্ৰীষ্ট আমাৰ সহয়কৰ্তা। কোনে অমাক দোষী সাব্যস্ত কৰিব? কোনেও নকৰিব, কিয়নো খ্ৰীষ্ট, যি জনা আমাৰ বাবে মৰিল, তেৱেঁই দণ্ডাজ্ঞা কৰে। অমাৰ সহায়কৰ্তা আৰু বিচাৰকৰ্তাহিচাপে অমাৰ ত্ৰাণকৰ্তা আছে।

(গ) বিশ্বাসীসকলৰ নতুন জন্ম হয়(পুনৰ জন্ম) যেতিয়া তেওঁলোকে বিশ্বাস কৰে(যোহন ৩:৩; তীত ৩:৫)। এজন খ্ৰীষ্টীয়ানে পৰিত্ৰাণ হেৰুৱাবলৈ হ’লে তেওঁ পুনৰ জন্ম নোহোৱা হ’ব লাগিব। নতুন জন্ম যে কাঢ়ি নিব পাৰে বাইবেলে তেনে কোনো সাক্ষ্য দিয়া নাই। (ঘ) সকলো বিশ্বাসীতে পবিত্ৰ আত্মা নিবাস কৰে(যোহন ১৪:১৭; ৰোমীয়া ৮:৯) আৰু সকলো বিশ্বাসীকে খ্ৰীষ্টৰ শৰীৰলৈ বাপ্তিষ্ম দিয়ে (১ কৰিন্থীয়া ১২:১৩)। এজন বিশ্বাসীয়ে পৰিত্ৰাণ নোপোৱা হ’বলৈ, তেওঁ খ্ৰীষ্টৰ শৰীৰ পৰা পৃথক আৰু তেওঁৰ লগত নিবাস নকৰা হ’ব লাগিব।

(ঙ) যোহন ৩:১৫ত কৈছে, “যিকোনোৱে যীচু খ্ৰীষ্টক বিশ্বাস কৰে তেওঁৰ “অনন্ত জীৱন থাকে।” যদি আজি আপুনি যীচু খ্ৰীষ্টক বিশ্বাস কৰে আৰু অনন্ত জীৱন থাকে, তেতিয়া কাইলৈ হেৰুৱালে, এইয়া কেতিয়াও “অনন্ত” হ’ব নোৱাৰে। সেয়েহে আপুনি যদি পৰিত্ৰাণ হেৰুৱাই, বাইবেলত থকা অনন্ত জীৱনৰ প্ৰতিজ্ঞা ভ্ৰান্তিজনক হ’ব। (চ) অতি চূড়ান্ত সিদ্ধান্তৰ বাবে, মই ভাবো শাস্ত্ৰই নিজে ভালধৰণেৰে কৈছে, “কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদুত ব আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয়, বা পৰাক্ৰম, ওপৰ বা তল, বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে”(ৰোমীয়া ৮:৩৯-৪০)। মনত ৰাখিব যিজন ঈশ্বৰে আপোনাক পৰিত্ৰাণ কৰিলে সেইজনেই ধৰি ৰাখিব। আমি এবাৰ যেতিয়া পৰিত্ৰাণ পালো, সদায়ৰ বাবে পালো। আমাৰ পৰিত্ৰাণ নিৰ্দিষ্টকৈ অনন্তভাৱে সুৰক্ষিত!

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

এবাৰ পোৱা পৰিত্ৰাণ সদায়ৰ বাবে পৰিত্ৰাণনে?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *