খ্ৰীষ্টীয়ানাসকলে পুৰণি নিয়মৰ বিধানবিলাক মানি চলিব লাগেনে?

প্রশ্ন খ্ৰীষ্টীয়ানাসকলে পুৰণি নিয়মৰ বিধানবিলাক মানি চলিব লাগেনে? উত্তৰ চিন্তনীয় বিষয়বিলাক বুজিবলৈ হ’লে এইটো জনা অতি প্ৰয়োজন যে পুৰণি নিয়মখন ইস্ৰায়েল জাতিক দিয়া হৈছিল, খ্ৰীষ্টীয়ানসকললৈ নহয়। বিধানবিলাকৰ কিছুমান ইস্ৰায়েল জাতিৰ প্ৰতি প্ৰকাশিত হৈছিল তেওঁলোকে কেনেকৈ ঈশ্বৰৰ বাধ্য হ’ব আৰু তেওঁক সন্তুষ্ট কৰিব(উদাহৰণস্বৰূপে দহ আজ্ঞা)। কিছুমান বিধানে ইস্ৰায়েল জাতিয়ে কেনেকৈ ঈশ্বৰৰ সেৱা কৰিব আৰু পাপৰ বাবে…

প্রশ্ন

খ্ৰীষ্টীয়ানাসকলে পুৰণি নিয়মৰ বিধানবিলাক মানি চলিব লাগেনে?

উত্তৰ

চিন্তনীয় বিষয়বিলাক বুজিবলৈ হ’লে এইটো জনা অতি প্ৰয়োজন যে পুৰণি নিয়মখন ইস্ৰায়েল জাতিক দিয়া হৈছিল, খ্ৰীষ্টীয়ানসকললৈ নহয়। বিধানবিলাকৰ কিছুমান ইস্ৰায়েল জাতিৰ প্ৰতি প্ৰকাশিত হৈছিল তেওঁলোকে কেনেকৈ ঈশ্বৰৰ বাধ্য হ’ব আৰু তেওঁক সন্তুষ্ট কৰিব(উদাহৰণস্বৰূপে দহ আজ্ঞা)। কিছুমান বিধানে ইস্ৰায়েল জাতিয়ে কেনেকৈ ঈশ্বৰৰ সেৱা কৰিব আৰু পাপৰ বাবে প্ৰায়শ্চিত্ত(বলি প্ৰথা) কৰিব সেইবিলাক দেখুৱাবৰ বাবে। বিধানবিলাকৰ কিছুমানে ইস্ৰায়েল জাতি যে ইবিলাক জাতিতকৈ বেলেগ(আহাৰ আৰু পিন্ধা-উৰাৰ নিয়ম) তাকে বুজাবৰ বাবে। পুৰণি নিয়মৰ একো বিধানেই এতিয়াৰ খ্ৰীষ্টীয়ানসকলৰ বাবে বাধ্যতামূলক নহয়। যীচু যেতিয়া ক্ৰুচত মৃত্যু হৈছিল, তেওঁ পুৰণি নিয়মৰ বিধানৰ সমাপ্তি ঘটালে(ৰোমীয়া ১০:৪; গালাতীয়া ৩:২৩-২৫; ইফিচীয়া ২:১৫)।

পুৰণি নিয়মৰ বিধানৰ ঠাইত, আমি খ্ৰীষ্টৰ বিধানৰ অধীন(গলাতীয়া ৬:২), যিটো “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা…আৰু তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা”(মথি ২২:৩৭-৩৯)। আমি যদি এই দুটা আজ্ঞা পালন কৰোঁ, আমাৰ পৰা খ্ৰীষ্টই বিচৰা সকলো সিদ্ধ হ’ব: “ এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাববদীসকলৰ বক্য ওলমি আছে (মথি ২২:৪০)। তাৰমানে এতিয়া এইটো নহয় যে পুৰণি নিয়মৰ সকলো বিধান অপ্ৰাসংগিক। পুৰণি নিয়মৰ বহুতো আজ্ঞা “ঈশ্বৰক প্ৰেম কৰা” আৰু “নিজৰ চুবুৰীয়াক প্ৰেম কৰা”ৰ ভিতৰত পৰে। পুৰণিনিয়মৰ বিধানবিলাকে ঈশ্বৰক কেনেকৈ প্ৰেম কৰিব লাগে আৰু চুবুৰীয়াক প্ৰেম কৰা মানে কি তাৰ স্বীকৃতিস্বৰূপে ভাল সহায়ক হয়। একে সময়ত, আজিও খ্ৰীষ্টীয়ান জীৱনত পুৰণি নিয়মৰ বিধান প্ৰযোজ্য কথাষাৰ শুদ্ধ নহয়। পুৰণি নিয়মৰ বিধান এটা একক(যাকোব ২:১০)। ইয়াৰে সকলো প্ৰয়োগ হ’লে বা এটাও প্ৰয়োগ নহ’লেও একে কথা। যদি খ্ৰীষ্টই ইয়াৰে কিছুমান যেনে বলিৰ বিধান সিদ্ধ কৰিলে, তেওঁ ইয়াৰ সকলোকে সিদ্ধ কৰিলে।

“আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়”( ১ যোহন ৫:৩)। দহ আজ্ঞা প্ৰকৃততে গোটেই পুৰণি নিয়মৰ বিধানৰ সাৰাংশ। দহ আজ্ঞাৰ নটা নতুন নিয়মত স্পষ্টকৈ দোহাৰা হৈছে(কেৱল বিশ্ৰামবাৰ পলন কৰা আজ্ঞাৰ বাহিৰে)। স্পষ্টৰূপে, আমি যদি ঈশ্বৰক প্ৰেম কৰিছোঁ, আমি মিছা দেৱতা সেৱা নকৰিম বা সেইবিলকৰ আগত মূৰ নোদোৱাম। যদি আমি আমাৰ চুবুৰীয়াক প্ৰেম কৰিছোঁ, আমি তেওঁলোকক বধ নকৰিম, তেওঁলোকক মিছা নকম, তেওঁলোকৰ বিৰুদ্ধে ব্যাভিচাৰ নকৰিম বা তেওঁলোকৰ কোনো বস্তুকে লোভ নকৰিম। পুৰণি নিয়মৰ বিধানৰ উদ্দেশ্য হৈছে মানুহে বিধান পালন কৰিব নোৱাৰাটোৰ বিষয়ে দোষী সাব্যস্ত কৰোৱা আৰু যীচু খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তাহিচাপে আঙুলিয়াই দিয়া (ৰোমীয়া ৭:৭-৯; গালাতীয়া ৩:২৪)। পুৰণি নিয়মৰ বিধান কেতিয়ও সকলোলোকৰ বাবে আৰু সকলো সময়ৰ বাবে সাৰ্বজনীন কৰি দিয়া নাই। আমি ঈশ্বৰক আৰু চুবুৰীয়াক প্ৰেম কৰিব লাগে। যদি আমি এই আদেশবিলাক বিশ্বাসেৰে বাধ্য হওঁ, আমি ঈশ্বৰে বিচৰা সকলো পালন কৰা হ’ব।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

খ্ৰীষ্টীয়ানাসকলে পুৰণি নিয়মৰ বিধানবিলাক মানি চলিব লাগেনে?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.