পবিত্ৰ আত্মা কোননো?

প্রশ্ন পবিত্ৰ আত্মা কোননো? উত্তৰ পবিত্ৰ অত্মাৰ পৰিচয়ৰ বিষয়ে বহুতো ভুলধাৰণা আছে। কিছুমানে পবিত্ৰ আত্মা অবোধ্য শক্তি বুলি ভাবে। আন কিছুমানে বুজে যে পবিত্ৰ আত্মা খ্ৰীষ্টৰ অনুগামীসকলক ঈশ্বৰে দিয়া ব্যক্তিত্বশূন্য শক্তি। বাইবেলে পবিত্ৰ আত্মাৰ বিষয়ে কি কয়? সহজে ক’বলৈগ’লে, পবিত্ৰ অত্মা ঈশ্বৰ। বাইবেলে পবিত্ৰ আত্মা,মন,অনুভূতি আৰু ইচ্ছা থকা এক ঐশ্বৰিক ব্যক্তি বুলিও কৈছে। পবিত্ৰ আত্মা…

প্রশ্ন

পবিত্ৰ আত্মা কোননো?

উত্তৰ

পবিত্ৰ অত্মাৰ পৰিচয়ৰ বিষয়ে বহুতো ভুলধাৰণা আছে। কিছুমানে পবিত্ৰ আত্মা অবোধ্য শক্তি বুলি ভাবে। আন কিছুমানে বুজে যে পবিত্ৰ আত্মা খ্ৰীষ্টৰ অনুগামীসকলক ঈশ্বৰে দিয়া ব্যক্তিত্বশূন্য শক্তি। বাইবেলে পবিত্ৰ আত্মাৰ বিষয়ে কি কয়? সহজে ক’বলৈগ’লে, পবিত্ৰ অত্মা ঈশ্বৰ। বাইবেলে পবিত্ৰ আত্মা,মন,অনুভূতি আৰু ইচ্ছা থকা এক ঐশ্বৰিক ব্যক্তি বুলিও কৈছে।

পবিত্ৰ আত্মা ঈশ্বৰ, স্প্ষ্টকৈ ঈশ্বৰ বুলি পাঁচনিৰ কৰ্ম ৫:৩-৪সহ শাস্ত্ৰত বহুতো উল্লেখ আছে। এই পদিটোত পিতৰে অননিয়াৰ লগত মুখামুখি হৈছে যে তেওঁ পবিত্ৰ আত্মাৰ অগত মিছা কোৱাটো “মানুহৰ বিৰুদ্ধে নহয় কিন্তু ঈশ্বৰৰ বিৰুদ্ধে”। ইয়াতে স্পষ্ট হৈছে যে পবিত্ৰ আত্মাৰ আগত মিছা কোৱা মানে ঈশ্বৰৰ আগত মিছা কোৱা। আমি পবিত্ৰ আত্মা ঈশ্বৰ এই বুলিও কব পাৰোঁ যে ঈশ্বৰৰ গুণবোৰ পবিত্ৰ আত্মাৰো আছে। উদাহৰণস্বৰূপে, তেওঁৰ সৰ্বব্যাপ্তি গীতমালা ১৩৯:৭-৮ত দেখা যায়, “মই তোমাৰ আত্মাৰ পৰা ক’লৈ যাম? আৰু তোমাৰ সন্মুখৰ পৰা ক’লৈ পলাম? যদি স্বৰ্গলৈ উঠোঁ, তাতো তুমি থাকা; যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি।” তেতিয়া ১ কৰিন্থীয়া ২:১০-১১, আমি পবিত্ৰ আত্মাৰ সৰ্বব্যাপ্ততা দেখোঁ। “কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলোকে, এনে কি, ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে। কিয়নো মানুহৰ মনৰ কথা মানুহত থকা নিজৰ আত্মাত বিনে কোনে জানে? সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজনে।”

আমি জানিব পাৰোঁ যে পবিত্ৰ আত্মা দৰাচলতে এক ঐশ্বৰিক ব্যক্তি কিয়নো তেওঁৰ মন, অনুভূতি আৰুএটা ইচ্ছা আছে। পবিত্ৰ আত্মাই চিন্তা কৰে আৰু জানে(১ কৰিন্থীয়া ২:১০),। পবিত্ৰ আত্মাই বেজাৰ পাব পাৰে(ইফিচীয়া ৪:৩০)। পবিত্ৰ আত্মাই আমাৰ বাবে নিবেদন কৰে(ৰোমীয়া ৮:২৬-২৭)। তেওঁৰ ইচ্ছা অনুসৰি তেওঁ সিদ্ধান্ত কৰে(১ কৰিন্থীয়া ১২:৭-১১)। পবিত্ৰ আত্মা ঈশ্বৰ, ত্ৰিত্বৰ তৃতীয় ব্যক্তি। ঈশ্বৰহিচাপে পবিত্ৰ আত্মাই সঁচাকৈ এক শান্তিকৰ্তাহিচাপে আৰু পৰামৰ্শদাতা বা মন্ত্ৰীহিচাপে কাম কৰিব পাৰে যি যীচুৱে প্ৰতিজ্ঞা কৰিছিল তেওঁ তেনে হ’ব বুলি(যোহন ১৪:১৬,২৬,১৫:২৬)।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

পবিত্ৰ আত্মা কোননো?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.