বাইবেলে টাটু/ শৰীৰ বিন্ধাৰ বিষয়ে কি কয়? খ্ৰীষ্টিয়ানে টাটু বা শৰীৰ বিন্ধা পাপনে?

প্রশ্ন বাইবেলে টাটু/ শৰীৰ বিন্ধাৰ বিষয়ে কি কয়? খ্ৰীষ্টিয়ানে টাটু বা শৰীৰ বিন্ধা পাপনে? উত্তৰ পুৰণি নিয়মৰ বিধানে ইস্ৰায়েলসকলক আদেশ দিছে, “নিজৰ গা কাটকুট নকৰিবা, আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা”(লেবীয়া ১৯:২৮)। আজি যদিও বিশ্বসীসকল পুৰণি নিয়মৰ বিধানৰ অধীনত নাই(ৰোমীয়া ১০:৪; গলাতীয়া ৩:২৩-২৫; ইফিচীয়া ২১৫), কথাটো হৈছে যে টাটুৰ বিৰুদ্ধে কোৱাটোত প্ৰশ্ন…

প্রশ্ন

বাইবেলে টাটু/ শৰীৰ বিন্ধাৰ বিষয়ে কি কয়? খ্ৰীষ্টিয়ানে টাটু বা শৰীৰ বিন্ধা পাপনে?

উত্তৰ

পুৰণি নিয়মৰ বিধানে ইস্ৰায়েলসকলক আদেশ দিছে, “নিজৰ গা কাটকুট নকৰিবা, আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা”(লেবীয়া ১৯:২৮)। আজি যদিও বিশ্বসীসকল পুৰণি নিয়মৰ বিধানৰ অধীনত নাই(ৰোমীয়া ১০:৪; গলাতীয়া ৩:২৩-২৫; ইফিচীয়া ২১৫), কথাটো হৈছে যে টাটুৰ বিৰুদ্ধে কোৱাটোত প্ৰশ্ন উত্থাপিত হৈছে। নতুন নিয়মে এজন বিশ্বাসীয়ে টাটু কৰিব লাগে নে নালাগে একো নকয়।

১ পিতৰ ৩:৩-৪ পদত আমাক আদেশ দিয়া হৈছে: “কেশ-বেশ, আৰু সোণৰ অলংকাৰ পিন্ধা, ব নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক কিন্তু নম্ৰ আৰু শান্ত অত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক, এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।” এইয়া খ্ৰীষ্টীয় মহিলাৰ প্ৰতি নিৰ্দেশ দিয়া হৈছে, কিন্তু তাতে এটা নীতি আছে যিটো প্ৰাসংগিক: সেয়ে হৈছে এজন মানুহৰ বাহ্যিক চেহেৰা আমাৰ দৃষ্টিৰ লক্ষ্য হ’ব নলাগিব। অধিক চেষ্টা থাকে “কেশ-বেশ” আৰু “সুন্দৰ বস্ত্ৰ পৰিধান” আৰু অলংকাৰ, কিন্তু তাতে এগৰাকী মহিলাৰ প্ৰকৃত সৌন্দৰ্য নাথাকে। একে দৰে, টাটু আৰু শৰীৰ ছিদ্ৰন হৈছে “বাহ্যিক ভূষণ”, আৰু আমি পুৰুষ-মহিলা নিৰ্বিশেষে আমাৰ “আন্তঃ ব্যক্তি” গঠনতহে অধিক মনোযোগ দিব লাগিব।

টাটু আৰু শৰীৰ ছিদ্ৰ কৰাৰ সম্পৰ্কত, এটা ভাল পৰীক্ষা হৈছে আমি সৰলভাৱে, সবিবেচনাৰে ঈশ্বৰক কওঁ যেন কোনো কাৰ্য তেওঁৰ অভিপ্ৰায়েৰে হওক। “এতেকে তোমালোকে ভোজন-পান আদি যি যি কৰ্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা”(১ কৰিন্থীয়া ১০৩১)। নতুন নিয়মে টাটু বা শৰীৰ ছিদ্ৰ কৰাৰ বিৰুদ্ধে নিৰ্দিষ্টকৈ নকয়, কিন্তু ইয়েই আমি বিশ্বাস কৰাৰ যুক্তি হ’ব নোৱাৰে যে ঈশ্বৰে আমাক টাটু আৰু শৰীৰ ছিদ্ৰ কৰিবলৈ দিছে।

যদিও বাইবেলে নিৰ্দিষ্টকৈ ঈশ্বৰ সুখী হোৱাৰ সন্দেহ থাকে নে নাথাকে, এটা দৰকাৰী শাস্ত্ৰীয় নীতি থাকে যে তেনে কাৰ্যত সাঙুৰ নোখোৱাই ভাল। ৰোমীয়া ১৪:২৩ত সোঁৱৰাই দিছে যে যিকোনো বিশ্বাসৰ পৰা নহ’লে পাপ। আমি মনত ৰাখিব লাগে যে আমাৰ শৰীৰ আৰু আত্মা কিনি লোৱা হ’ল আৰু সেইয়া ঈশ্বৰৰ। যদিও ১ কৰিন্থীয়া ৬:১৯-২০ত পোনে পোনে টাটু বা শৰীৰ ছিদ্ৰনৰ ক্ষেত্ৰত প্ৰয়োগ নহয়, ই আমাক এটা নীতি দিছে যে: “নতুবা, ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানানেকি? তোমালোক নিজৰ নোহোৱা; কিয়নো তোমালোক মূল্যৰে কিন হ’লা এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা।” এই সত্যতাটো শৰীৰটোৰে আমি কি কৰোঁ বা ক’লৈ যাওঁ এই সকলোতে প্ৰকৃত সম্বন্ধ আছে। যদি আমাৰ শৰীৰ ঈশ্বৰৰ, আমি নিশ্চিত হ’ব লাগে যে সেইয়া টাটু বা ছিদ্ৰনৰ যোগেদি আঁক-বাক কৰাত তেওঁৰ স্পষ্ট অনুমতি আছে বুলি।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

বাইবেলে টাটু/ শৰীৰ বিন্ধাৰ বিষয়ে কি কয়? খ্ৰীষ্টিয়ানে টাটু বা শৰীৰ বিন্ধা পাপনে?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.