মোৰ বাবে সঁচা ধৰ্মটো কি?

প্রশ্ন মোৰ বাবে সঁচা ধৰ্মটো কি? উত্তৰ তাৎক্ষণিক আহাৰৰ ৰেষ্টোৰেণ্টে আমাক ভুলাই দিয়ে যাতে আমি বিচৰা আহাৰৰ অৰ্ডাৰ দিব পাৰোঁ। কিছুমান কফিৰ দোকানে শতাধিক সোৱাদৰ আৰু প্ৰকাৰৰ কফি দিব পৰাক লৈ। আনকি ঘৰ আৰু গাড়ী কিনোতেও বহুতৰ মাজৰ পৰা আমি বিচৰাটো চাওঁ। আমি চকলেট, ভেনিলা আৰু ষ্ট্ৰবেৰীৰ পৃথিৱীত থকাৰ দৰে নাথাকো। বাচনি ৰজা! আপোনাৰ ব্যক্তিগত…

প্রশ্ন

মোৰ বাবে সঁচা ধৰ্মটো কি?

উত্তৰ

তাৎক্ষণিক আহাৰৰ ৰেষ্টোৰেণ্টে আমাক ভুলাই দিয়ে যাতে আমি বিচৰা আহাৰৰ অৰ্ডাৰ দিব পাৰোঁ। কিছুমান কফিৰ দোকানে শতাধিক সোৱাদৰ আৰু প্ৰকাৰৰ কফি দিব পৰাক লৈ। আনকি ঘৰ আৰু গাড়ী কিনোতেও বহুতৰ মাজৰ পৰা আমি বিচৰাটো চাওঁ। আমি চকলেট, ভেনিলা আৰু ষ্ট্ৰবেৰীৰ পৃথিৱীত থকাৰ দৰে নাথাকো। বাচনি ৰজা! আপোনাৰ ব্যক্তিগত ভাল পোৱা আৰু প্ৰয়োজন অনুপাতে আপুনি যিকোনো বাচিব পাৰে।

সেইদৰে আপোনাৰ বাবে সঁচা ধৰ্মটো কি? এটা দোষমুক্ত, দাবী নকৰা আৰু এইটো কৰিব আৰু সেইটো নকৰিব তেনেকৈ বহুতো দিগ্‌দাৰি দিয়া ধৰ্মৰ পৰা মুক্ত ধৰ্মটো কি? মই কোৱাৰ দৰে ইয়াতে আছে। কিন্তু আইচ ক্ৰিমৰ সোৱাদ বিচৰাৰ দৰে ধৰ্মও বাচিবলগীয়া আছেনে?

আমাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বহুতো মাত যেনেকৈ মহম্মদ বা কনফুচিয়াছ, বৌদ্ধ বা চাৰ্লচ টেজ ৰাছেল, বা যোচেফ স্মিথ আছে, সেয়েহে সকলোৰে ওপৰত যীচুক কিয় বিবেচনা কৰিব লাগে? সৰ্বশেষত সকলো বাটে স্বৰ্গলৈ নিনিয়ে নে? সকলো ধৰ্ম মূলতে একে নহয় নে? সত্যটো হৈছে সকলো ধৰ্মই স্বৰ্গলৈ নিনিয়ে, যেনেকৈ সকলো পথে ইণ্ডিয়ানালৈ নিনিয়ে।

কেৱল যীচুৱে ঈশ্বৰৰ ক্ষমতাৰে কথা কয় কিয়নো যীচুৱেহে মৃত্যুক জয় কৰিলে। মহম্মদ, কনফুচিয়াছ আৰু আনসকল আজি দিনলৈকে মৈদামত নিঃশেহ হ’ল। কিন্তু যীচুৱে নিজ শক্তিৰে নিষ্ঠুৰ ৰোমীয়া ক্ৰুচত মৃত্যু হৈ তিনি দিনৰ পিছত মৈদামৰ পৰা উঠি আহিল। আমি শুনিব লাগিব যিজনৰ মৃত্যুৰ ওপৰত ক্ষমতা আছে।

যীচুৰ পুনৰুত্থানৰ প্ৰমাণ অতি প্ৰবল। প্ৰথমে, পুনৰুত্থিত খ্ৰীষ্টৰ পাঁচশতকৈ অধিক চাক্ষুষ সাক্ষী আছে! সেইয়া বহুতো চকুৰে দেখা সাক্ষী। পাঁচশজনৰ মাত আওকাণ কৰিব নোৱাৰি। তাতে আকৌ উদং মৈদাম আছে। যীচুৰ শত্ৰুবিলাকে তেওঁৰ শ, গেলি-পচি যোৱা শৰীৰ দেখুৱাই যীচুৰ পুনৰুত্থানৰ কথা বন্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে দেখুৱাবৰ বাবে মৰা শ নাছিল। মৈদামটো খালী আছিল! শিষ্যসকলে শৰীৰটো চুৰ কৰি নিব পাৰিলহেঁতেন নে? কাচিৎহে শসস্ত্ৰ চিপাহীয়ে পহৰা দিয়া মৈদামত বাধা দিব পাৰে। তেওঁৰ অতি ঘনিষ্ঠ অনুগামীসকলে তেওঁৰ কাৰায়ত্ব আৰু মৃত্যুৰ ভয়ত পলাই যোৱা সকলৰ কথা বিবেচনা কৰিলে প্ৰশিক্ষণপ্ৰাপ্ত আৰু নিয়োজিত সেনাসকলৰ বিৰুদ্ধে যে ভয়াতুৰ মাছমৰীয়াসকলে তেনে কৰিব পাৰিব মনে নধৰে। নতুবা তেওঁলোকে নিজ জীৱন বলি দি ছহীদ হ’বনে- যেনেকৈ তেওঁলোকৰ বহুতে মিছাতে কৈছিল। এইটোৱেই যে যীচুৰ পুনৰুত্থান কোনো বৰ্ণনাৰে দলিয়াই দিব নোৱাৰি!

পুনৰায়, যি কোনোৰ মৃত্যুৰ ওপৰত ক্ষমতা আছে তেওঁক শুনাৰ যোগ্য। যীচুৱে মৃত্যুৰ ওপৰত তেওঁৰ ক্ষমতা প্ৰমাণ কৰিলে; সেয়েহে, তেওঁ কোৱাটো আমি শুনিব লাগে। যীচুৱে দাবী কৰিছিল যে তেৱেঁই পৰিত্ৰাণৰ একমাত্ৰ বাট(যোহন ১৪:৬)। তেওঁ এটা বাট নহয়; তেওঁ বহুতো বাটৰ এটা বাট নহয়। যীচুৱেই বাট।

এই একেই যীচুৱে কৈছে, “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম”(মথি ১১:২৮)। এইখন পৃথিৱী কঠিন আৰু আমাৰ জীৱনটো কষ্টকৰ। আমাৰ বহুতৰে পুতৌলগা তেজৰ চেকুৰা, আঘাতিত আৰু যুদ্ধ ভয়াতুৰ। নহয় নে? তেতিয়াহ’লে আপুনি কি বিচাৰে? উদ্ধাৰ নে কেৱল ধৰ্ম? এজন জীৱন্ত ত্ৰাণকৰ্তা নে অনেক মৰা “ভাববাদী”? এটা অৰ্থপূৰ্ণ সম্বন্ধ নে উদং আনুষ্ঠানিকতা? যীচু এটা নিৰ্বাচন নহয়- তেৱেঁই নিৰ্বাচন!

যদি আপুনি ক্ষমা বিচাৰিছে যীচুৱেই সঁচা “ধৰ্ম”(পাঁচনিৰ কৰ্ম ১০:৪৩)। যীচুৱেই সঁচা “ধৰ্ম” যদিহে আপুনি ঈশ্বৰৰ লগত এক অৰ্থপূৰ্ণ সম্বন্ধ বিচাৰিছে(যোহন ১০:১০)। যীচুৱেই সঁচা “ধৰ্ম” যদিহে আপুনি স্বৰ্গত অনন্ত ঘৰ বিচাৰিছে(যোহন ৩:১৬)। আপোনাৰ ত্ৰাণকৰ্তাহিচাপে যীচু খ্ৰীষ্টত বিশ্বাস স্থাপন কৰক; আপুনি এইটো অনুশোচনা কৰিব নালাগিব! আপোনাৰ পাপ ক্ষমাৰ বাবে তেওঁক বিশ্বাস কৰক; আপুনি নিৰাশ হ’ব নলাগিব।

যদি ঈশ্বৰৰ লগত আপোনাৰ ‘সঠিক সম্বন্ধ’ ৰাখিব বিচাৰে, এইয়া এটা প্ৰাৰ্থনাৰ নমুনা। মনত ৰাখিব যে এই প্ৰাৰ্থনা বা আন যিকোনো প্ৰাৰ্থনা কৰিলেই আপুনি পৰিত্ৰাণ নাপায়। কেৱল যীচুক বিশ্বাস কৰিহে আপুনি পাপৰ পৰা পৰিত্ৰাণ পাব। এই প্ৰাৰ্থনা কেৱল আপোনাৰ বিশ্বাস ঈশ্বৰক জনোৱাৰ এটা উপায় আৰু তেওঁক ধন্যবাদ দিয়ক আপোনাৰ পৰিত্ৰাণৰ বাবে। “ঈশ্বৰ, মই জানো যে আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলো আৰু শাস্তি পোৱাৰ যোগ্য। কিন্তু যীচুৱে মই পাবলগীয়া শাস্তি ল’লে যাতে তেওঁক বিশ্বাস কৰা যোগেদি মই ক্ষমা পাওঁ। পৰিত্ৰাণৰ বাবে মই আপোনাত বিশ্বাস স্থাপন কৰিছোঁ। আপোনাৰ আচৰিত অনুগ্ৰহ আৰু ক্ষমাৰ বাবে ধন্যবাদ- অনন্ত জীৱনৰ দান! আমেন!”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

মোৰ বাবে সঁচা ধৰ্মটো কি?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.