হস্তমৈথুন- বাইবেল মতে ই এটা পাপনে?

প্রশ্ন হস্তমৈথুন- বাইবেল মতে ই এটা পাপনে? উত্তৰ হস্তমৈথুন বা হস্তমৈথুন কৰিব লাগে বা নালাগে বুলি বাইবেলে কোৱা নাই বা কেতিয়াও ইয়াক স্পষ্টকৈ পাপ বুলিও উল্লেখ কৰা নাই। বহুত সময়ত শাস্ত্ৰত আদিপুস্তক ৩৮:৯-১০ পদত ওননৰ কাহিনীটোত হস্তমৈথুনৰ কথালৈ ইংগিত দিয়া হয়। কিছুমানে ইয়াত মাটিত “বীৰ্যপাত”কৰাটো পাপ বুলি ব্যাখ্যা কৰে। অৱশ্যে, শাস্ত্ৰাংশই ঠিকমতে সেইটো কোৱা নাই।…

প্রশ্ন

হস্তমৈথুন- বাইবেল মতে ই এটা পাপনে?

উত্তৰ

হস্তমৈথুন বা হস্তমৈথুন কৰিব লাগে বা নালাগে বুলি বাইবেলে কোৱা নাই বা কেতিয়াও ইয়াক স্পষ্টকৈ পাপ বুলিও উল্লেখ কৰা নাই। বহুত সময়ত শাস্ত্ৰত আদিপুস্তক ৩৮:৯-১০ পদত ওননৰ কাহিনীটোত হস্তমৈথুনৰ কথালৈ ইংগিত দিয়া হয়। কিছুমানে ইয়াত মাটিত “বীৰ্যপাত”কৰাটো পাপ বুলি ব্যাখ্যা কৰে। অৱশ্যে, শাস্ত্ৰাংশই ঠিকমতে সেইটো কোৱা নাই। “বীৰ্যপাত” কৰাৰ বাবে নহয় কিন্তু তেওঁৰ ককায়েকৰ বংশ ৰখাৰ দায়িত্ব অস্বীকাৰ কৰাৰ বাবেহে ঈশ্বৰে ওনানক দোষী কৰিছে। শাস্ত্ৰাংশটো হস্তমৈথুনৰ বিষয়ে নহয়, কিন্তু এটা পৰিয়ালৰ দায়িত্ব পালনৰ কথাহে। দ্বিতীয় শাস্ত্ৰাংশ হস্তমৈথুনৰ সাক্ষ্যস্বৰূপে মথি ৫:২৭-৩০ত থকা এবিধ পাপৰ বিষয়ে। যীচুৱে মাংসিক অভিলাষৰ বিৰুদ্ধে কৈছে, “যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া”, ইয়াতো যীচুৱে হস্তমৈথুনৰ বিষয়ে উনুকিওৱা নাই।

যেতিয়া বাইবেলে কোনো ঠাইতে হস্তমৈথুন পাপ বুলি স্পষ্টকৈ কোৱা নাই, তাত কোনো প্ৰশ্ন নাই যে হস্তমৈথুনৰ কাৰ্যলৈ নিয়াটো পাপ বুলি। হস্তমৈথুন সদায়ে প্ৰায়ে মাংসিক অভিলাষৰ পৰিণতি, যৌন উত্তেজনা, আৰু নিলাজ কামৰ দৃশ্য। এইয়া অভিলাষৰ পাপ, অশুচি চিন্তা, আৰু কামুক দৃশ্য বাদ দি ইয়াৰ ওপৰত জয়ী হ’লে হস্তমৈথুনৰ অৰ্থহীন হৈ পৰিব। হস্তমৈথুনৰ বিষয়ে বহুতো মানুহৰ দোষী অনুভৱেৰে যুঁজ-বাগৰ হয়, যেতিয়া প্ৰকৃততে এনে কাৰ্য়লৈ নিয়াৰ ববে অধিক মনপটনৰ প্ৰয়োজন।

বাইবেলৰ কিছুমান নীতি আছে যিবিলাক হস্তমৈথুনৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। ইফিচীয়া ৫:৩ ত কৈছে, “কিন্তু ব্যভিচাৰ আদি কৰি সকলো অশুচি কৰ্মৰ বা লোভৰ নামো তোমালোকৰ মজত উচ্চাৰিত নহওক।” এইটোৰ মাজেদি কেনেকৈ হস্তমৈথুনৰ পৰীক্ষা অতিক্ৰম কৰি যাব পাৰে দেখা টান। বাইবেলে আমাক শিক্ষা দিছে, “এতেকে তোমালোকে ভোজন-পান আদি যি যি কৰ্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা”(১ কৰিন্থীয়া ১০:৩১)। যদি আপুনি কিবাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব নোৱাৰে, আপুনি তেনে কাৰ্য কৰা অনুচিত। যদি কোনোজনে পতিয়ন নজায় যে যিটো কামেৰে ঈশ্বৰ সন্তুষ্ট হয়, তেন্তে সেইটো পাপ: “যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ”(ৰোমীয়া ১৪:২৩)। তদুপৰি,আমি মনত ৰাখিব লাগে যে আমাৰ শৰীৰ কিনি লোৱা হ’ল আৰু ঈশ্বৰৰ। “তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নে কি? তোমালোক নিজৰ নোহোৱা; কিয়নো তোমালোক মূল্যেৰে কিনা হ’লা; এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা”( ১ কৰিন্থীয়া ৬:১৯-২০)। এই সত্যতাটো আমাৰ শৰীৰে কি কৰোঁ তাৰ ওপৰত প্ৰকৃত সম্বন্ধ জড়িত আছে। এই নীতিবিলাকৰ অন্তৰালত, এইটো সিদ্ধান্ত হৈছে যে হস্তমৈথুন বাইবেলসন্মত এবিধ পাপ। স্পষ্ট কথা, হস্তমৈথুনে ঈশ্বৰক গৌৰৱান্বিত নকৰে; ই ব্যাভিচাৰৰূপীৰ পৰা পৃথক নহয়, নতুবা ই আমাৰ শৰীৰ যে ঈশ্বৰৰ এই পৰীক্ষাতো উত্তীৰ্ণ হ’ব নোৱাৰে।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

হস্তমৈথুন- বাইবেল মতে ই এটা পাপনে?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *