মই কিয় আত্মহত্যা কৰিব নালাগে?

প্রশ্ন মই কিয় আত্মহত্যা কৰিব নালাগে? উত্তৰ যিসকলৰ আত্মহত্যাৰ যোগে নিজ জীৱন শেষ কৰাৰ চিন্তা আছে তেওঁলোকৰ প্ৰতি আমাৰ হৃদয় উচুপি উঠে। এতিয়া যদি সেইটো আপোনাৰ অধিকাৰ, ই বহুতো আবেগৰ কথা হ’ব পাৰে, যেনেকৈ অকলশৰীয়া আৰু হতাশ অনুভৱ কৰা। আপুনি ভাবিব পাৰে যে আপুনি আটাইতকৈ দ গাতত আছে, আপুনি ভাবে ভাল হোৱাৰ কোনো আশা নাই।…

প্রশ্ন

মই কিয় আত্মহত্যা কৰিব নালাগে?

উত্তৰ

যিসকলৰ আত্মহত্যাৰ যোগে নিজ জীৱন শেষ কৰাৰ চিন্তা আছে তেওঁলোকৰ প্ৰতি আমাৰ হৃদয় উচুপি উঠে। এতিয়া যদি সেইটো আপোনাৰ অধিকাৰ, ই বহুতো আবেগৰ কথা হ’ব পাৰে, যেনেকৈ অকলশৰীয়া আৰু হতাশ অনুভৱ কৰা। আপুনি ভাবিব পাৰে যে আপুনি আটাইতকৈ দ গাতত আছে, আপুনি ভাবে ভাল হোৱাৰ কোনো আশা নাই। আপুনি ক’ৰ পৰা অহিছে কোনেও যেন চিন্তা নকৰে আৰু বুজি নাপায়। জীৱনটো জীয়াই থকাৰ যেন অৰ্থ নাই… নতুবা এয়া নে?

যদি আপুনি ঈশ্বৰক আপোনাৰ জীৱনৰ ঈশ্বৰ হ’বলৈ দিয়ে এই মুহুৰ্তত, তেন্তে কিছু খন্তেক চিন্তা কৰক, তেওঁ প্ৰমাণ কৰিব যে তেওঁ কিমান মহান, “কিয়নো ঈশ্বৰৰ বাবে একো অসম্ভৱ নহয়”(লূক ১:৩৭)। হয়তো বিগত জীৱনৰ দাগবিলাকৰ পৰিণতিত বঞ্চিত আৰু পৰিতক্ত হোৱাত ভীষণভাৱে প্ৰতিক্ৰিয়াশীল চিন্তা হৈছে। এইটোৱে হয়তো আত্মমৰম, খং, তিক্ততা, প্ৰতিশোধমূলক চিন্তা, নতুবা অনুচিত খঙে আপোনাৰ অতি দৰকাৰী সম্পৰ্কত সমস্যা সৃষ্টি কৰিছে।

আপুনি কিয় আত্মহত্যা নকৰিব? বন্ধুবৰ, আপোনাৰ জীৱনত যিমানেই বেয়া বস্তু নাথাকক লাগে, ঈশ্বৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে আপোনাৰ নিৰাশাৰ মাজেদি চলাই তেওঁৰ আচৰিত পোহৰলৈ নিবৰ বাবে। তেওঁ আপোনাৰ নিশ্চিত আশা। তেওঁৰ নাম যীচু।

এই যীচু ঈশ্বৰৰ নিষ্পাপী পুত্ৰ, বঞ্চিত আৰু অৱনতিৰ সময়ত আপোনাৰ সংগত পৰিচিত। যিচয়া ভাববাদীয়ে তেওঁৰ বিষয়ে বৰ্ণনা কৰি যিচয়া ৫৩:২-৬ত এনে এজন বুলি লিখিছিল, সকলোৰে দ্বাৰা “ঘৃণিত আৰু পৰিত্যক্ত”। তেওঁৰ জীৱন শোক আৰু দুখেৰে ভৰা আছিল। কিন্তু তেওঁ বোৱা শোকবিলাক তেওঁৰ নহয়, সেইবিলাক আমাৰ। তেওঁক খোচা হৈছিল, আঘাটিত হৈছিল, গুড়ি কৰা হৈছিল, এই সকলো আমাৰ পাপৰ বাবে। তেওঁৰ দুখ-ভোগৰ বাবে, অমাৰ জীৱন মুক্ত হ’ব পাৰে আৰু সুস্থ হ’ব পাৰে।

বন্ধু, যীচু খ্ৰীষ্টই এই সকলো সহন কৰিলে যাতে আপোনাৰ সকলো পাপ ক্ষমা হ’ব পাৰে। আপুনি যিমানেই গুৰুতৰ দোষ নকঢ়িয়াওক লাগে, জানক যে তেওঁ আপোনাক ক্ষমা কৰিব যদি আপুনি তেওঁক বিনম্ৰে আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰ। “…সংকটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম…”(গীতমালা ৫০:১৫)। আপুনি কেতিয়াও এনে বেয়া কৰা নই যিটো যীচুৱে ক্ষম কৰিব নোৱাৰে। তেওঁৰ কিছুমান মনোনীত দাস নৰবধ(মুচি), নৰবধ আৰু ব্যাভিচাৰ(দায়ুদ) আৰু শৰীৰিক আৰু আবেগিক অপব্যৱহাৰ(পৌলৰ দৰে) আদিৰ দৰে জঘন্য পাপ কৰিছিল। তথপি তেওঁলোকে ক্ষমা পাইছিল আৰু প্ৰভুত নতুন প্ৰচুৰ জীৱনৰ ভগী হৈছিল। “এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি; পুৰণিবোৰ লুপ্ত হ’ল; চোৱা, নতুন হ’ল”(২ কৰিন্থীয় ৫:১৭)।

আপুনি কিয় আত্মহ্ত্যা নকৰিব? বন্ধু, য়িটো “ভাঙিলে”, সেইটো মেৰামতি কৰিবলৈ ঈশ্বৰ যুগুত আছে, আপোনাৰ যি জীৱন এতিয়া আছে, যিটো জীৱন আপুনি আত্মত্যা কৰি শেষ কৰিব খুজিছে। যিচয়া ৬১:১-৩ পদত ভাৱবাদীয়ে লিখিছিল, “নম্ৰবিলাকৰ আগত শুভবৰ্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে; ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ, বন্দী লোকবিলাকলৈ মুক্তি, আৰু বন্ধীয়াৰ্বিলাকলৈ বন্দীশাল মুকলি কৰ কথা ঘোষণা কৰিবলৈ, যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰুআৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয় দিন ঘোষণা কৰিবলৈ..অটাই শোকাতুৰ লোকক শান্ত্বনা কৰিবলৈ, আৰু চিয়োনৰ শোকাতুৰ লোকবিলাকৰ নিমিত্তে নিযুক্ত কৰিবলৈ,-ভষ্মৰ সলনি মালা, শোকৰ সলনি আনন্দৰ তেল, আৰু বেজাৰ মনৰ সলনি প্ৰশংসাৰ বস্ত্ৰ দান কৰিবলৈ তেওঁ মোক পঠালে”

যীচুলৈ আহক,আৰু আপুনি যেতিয়া তেওঁক বিশ্বাস কৰিছে এটা নতুন কাম আপোনাৰ জীৱনত আৰম্ব হ’বলৈ, তেওঁক আপোনাৰ আনন্দ আৰু ব্যৱহাৰিতা পুনৰুদ্ধাৰ কৰিবলৈ দিয়ক। আপুনি হেৰুৱা আনন্দ তেওঁ পুনৰুদ্ধাৰ কৰিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু আপোনাক ৰাখিবৰ বাবে এটা নতুন আত্মা দিব। আপোনাৰ ভগ্ন হৃদয় তেওঁৰ বাবে বহুমূলীয়া। “ঈশ্বৰৰ বলি ভগ্ন মন; হে ঈশ্বৰ, তুমি ভগ্নমন আৰু খেদিত চিত্তক অগ্ৰাহ্য নকৰা”(গীতমালা ৫১ ১২,১৫-১৭)।

আপুনি প্ৰভুক আপোনাৰ ত্ৰাণকৰ্তা আৰু মেৰৰখীয়াহিচাপে গ্ৰহণ কৰিব নে? তেওঁ আপোনাৰ চিন্তা আৰু খোজ পৰিচালনা কৰিব-এবাৰত এদিন- তেওঁৰ বাক্য, বাইবেলৰ যোগেদি। “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমৰ ওপৰত মি দৃষ্টি ৰাখি পৰামৰ্শ দিম”(গীতমলা ৩২:৮)। তেওঁ আপোনাৰ সময়ৰ নিশ্চিত ভিত্তি হ’ব, পৰিত্ৰাণ, প্ৰজ্ঞা আৰু জ্ঞান এটা টনকীয়াল ভঁৰাল হ’ব, প্ৰভুৰ প্ৰতি ভয় এই প্ৰতিজ্ঞাৰ চাবি-কাঠী (যিচয়া ৩৩:৬)। খ্ৰীষ্টত, আপোনাৰ তেতিয়াও যুঁজ-বাগৰ থাকিব, কিন্তু এতিয়া আপোনাৰ আশা থাকিব। তেওঁ “ভায়েকতকৈ অতি প্ৰেমাসক্ত বন্ধু”(হিতোপদেশ ১৮:২৪)। আপোনাৰ সিদ্ধান্তৰ সময়ত প্ৰভু যীচুৰ অনুগ্ৰহ আপোনাৰ লগত থাওক।

যদি আপুনি যীচু খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তাহিচাপে বিশ্বাস কৰিবলৈ ইচ্ছা কৰে, এই কথাকেইটা ঈশ্বৰলৈ আপোনাৰ হৃদয়ত কওক: “ঈশ্বৰ, মোৰ জীৱনত আপোনাক লাগে। অনুগ্ৰহ কৰি মই কৰা সকলো ক্ষমা কৰক। যীচু খ্ৰীষ্টত মই মোৰ বিশ্বাস স্থাপন কৰিছোঁ আৰু বিশ্বাস কৰো যে তেওঁ মোৰ ত্ৰাণকৰ্তা। অনুগ্ৰহ কৰি মোক পৰিষ্কাৰ কৰক, মোক সুস্থ কৰক আৰু মোৰ জীৱনত আনন্দ ৰক্ষা কৰক। মোৰ প্ৰতি আপোনাৰ প্ৰেমৰ বাবে আৰু মোৰ বাবে যীচু মৃত্যু হোৱাৰ বাবে অপোনাক ধন্যবাদ জনাইছোঁ।”

আপুনি ইয়াত পঢ়া অনুযায়ী খ্ৰীষ্টৰ বাবে আপুনি এটা সিদ্ধান্ত কৰিলেনে? যাদি কৰিলে, অনুগ্ৰহ কৰি তলৰ বুটামত “মই খ্ৰীষ্টক গ্ৰহণ কৰিলো” টিপক।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

মই কিয় আত্মহত্যা কৰিব নালাগে?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.