মোৰ খ্ৰীষ্টিয়ান জীৱনত পাপৰ ওপৰত কেনেকৈ জয়ী হ’ম?

প্রশ্ন মোৰ খ্ৰীষ্টিয়ান জীৱনত পাপৰ ওপৰত কেনেকৈ জয়ী হ’ম? উত্তৰ পাপৰ ওপৰত জয়ী হ’বলৈ বাইবেলে অমাৰ প্ৰচেষ্টাত কেবটাও বেলেগ বেলেগ সমল যোগাইছে। এই জীৱনৰ কালত, আমি কেতিয়াও সম্পূৰ্ণকৈ পাপৰ ওপৰত জয়ী নহ’ম(১ যোহন ১:৮), কিন্তু তেতিয়াও সেইটোৱেই আমাৰ লক্ষ্য হ’ব লাগিব। ঈশ্বৰৰ সহায়ত, আৰু তেওঁৰ বাক্যৰ মূল নীতিবিলাক মানি, আমি ক্ৰমে পাপৰ ওপৰত জয়ী হ’ব…

প্রশ্ন

মোৰ খ্ৰীষ্টিয়ান জীৱনত পাপৰ ওপৰত কেনেকৈ জয়ী হ’ম?

উত্তৰ

পাপৰ ওপৰত জয়ী হ’বলৈ বাইবেলে অমাৰ প্ৰচেষ্টাত কেবটাও বেলেগ বেলেগ সমল যোগাইছে। এই জীৱনৰ কালত, আমি কেতিয়াও সম্পূৰ্ণকৈ পাপৰ ওপৰত জয়ী নহ’ম(১ যোহন ১:৮), কিন্তু তেতিয়াও সেইটোৱেই আমাৰ লক্ষ্য হ’ব লাগিব। ঈশ্বৰৰ সহায়ত, আৰু তেওঁৰ বাক্যৰ মূল নীতিবিলাক মানি, আমি ক্ৰমে পাপৰ ওপৰত জয়ী হ’ব পাৰোঁ আৰু অধিক অধিককৈ খ্ৰীষ্টৰ নিচিনা হ’ব পাৰোঁ।

আমাৰ চেষ্টাত পাপৰ ওপৰত জয়ী হ’বলৈ বাইবেলে কোৱা প্ৰথম সমলটো হৈছে পবিত্ৰ আত্মা। ঈশ্বৰে আমাক পবিত্ৰ আত্মা দিছে যাতে আমি জয়যুক্ততাৰ খ্ৰীষ্টীয়ান জীৱন চলাব পাৰোঁ। গালাতীয়া ৫:১৫-২৫ত ঈশ্বৰে মাংসৰ কাৰ্য আৰু আত্মাৰ কাৰ্যৰ মজৰ পাৰ্থক্য দেখুৱাইছে। এই শাস্ত্ৰাংশত ঈশ্বৰে আমাক আত্মাৰে চলিবলৈ কৈছে। সকলো বিশ্বাসীৰে পবিত্ৰ আত্মা আছে, কিন্তু এই শাস্ত্ৰাংশই কৈছে যে তেওঁৰ নিয়ন্ত্ৰণত থাকি আমি আত্মাৰে চলিব লাগে। ইয়াৰ মানে আমাৰ জীৱন মাংসৰ পিছত নচলি অনবৰতে পবিত্ৰ আত্মাৰ পৰিচালনাত থাকিব লাগে।

পবিত্ৰ আত্মাই কৰা কামৰ পাৰ্থক্য পিতৰৰ জীৱনত প্ৰদৰ্শিত হৈছে, যিজনাই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাৰ পূৰ্বে যীচুক মৃত্যুলৈকে মানি চলিব বুলি কৈয়ো পিছত তিনিবাৰ অস্বীকাৰ কৰিছিল। পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাৰ পিছত, পঞ্চাছদিনীয়া পৰ্বত যিহুদীসকলক তেওঁ মুকলিকৈ আৰু সজোৰে যীচুৰ বিষয়ে কৈছিল।

আমি আত্মাৰে চলো যাতে আত্মাৰ ইংগিতবিলাক নুমাই নযায়(যিদৰে ১ থিচলনীকীয়া ৫:১৯ত কৈছে) আৰু যাতে আত্মাৰে পৰিপূৰ্ণ হওঁ( ইফিচীয়া ৫:১৮-২১)। কেনেকৈ এজনে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ব পাৰে? প্ৰথমে, এইয়া ঈশ্বৰৰ বাচনি আনকি পুৰণি নিয়মত থকাৰ দৰে। তেওঁ কিছুমান মানুহক বাচি লৈ তেওঁলোকক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰিছিল তেওঁ কৰিবলৈ বিচৰা কাম সিদ্ধ কৰিবৰ বাবে(আদিপুস্তক ৪১:৩৮; যাত্ৰাপুস্তক ৩১:৩; গণনাপুস্তক ২৪:২; ১ চমূৱেল ১০:১০)। ইফিচীয়া ৫:১৮-২১ আৰু কলচীয়া ৩:১৬ পদত সাক্ষ্য আছে যে যিসকলে ঈশ্বৰৰ বাক্যৰে পৰিপূৰ্ণ হৈছিল সেইসকলকে ঈশ্বৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’বৰ বাবে বাচি লৈছিল। এইটোৱে অমাক দ্বিতীয় সমললৈ নিয়ে।

ঈশ্বৰৰ বাক্য, বাইবেলে কৈছে, ঈশ্বৰে আমাক তেওঁৰ বাক্য দিছে সকলো ভাল কৰ্মত সহায় হ’বৰ ববে(২ তীমথিয় ৩:১৬-১৭)। ই আমাক কেনেকৈ চলিব লাগে আৰু কি বিশ্বাস কৰিব লাগে শিকায়, যেতিয়া আমি ভুল পথ বাচি লওঁ আমাক জনায়, ই আমাক পুনৰ ঠিক পথ ল’বলৈ সহায় কৰে, আৰু ই অমাক সেই পথত থিৰে থাকিবলৈ সহায় কৰে। ইব্ৰী ৪:১২ পদত কৈছে যে ঈশ্বৰৰ বাক্য জীয়া আৰু শক্তিশালী, আমাৰ হৃদয় ভেদ কৰি আমাৰ মনত থকা পাপৰ গভীৰ শিপা উঘালি পাপৰ ওপৰত আমাক জয়যুক্ত দান কৰিব পাৰে। গীত ৰচকে গীতমালা ১১৯ত ই জীৱন পৰিবৰ্তন কৰিব পৰাৰ বিষয়ে সবিশেষ কৈছে। যিহোচূৱাক কৈছিল যে শত্ৰুৰ ওপৰত জয়ী হ’বলৈ হ’লে ঈশ্বৰৰ বাক্য নপাহৰি তাক দিনে-ৰাতিয়ে ধ্যন কৰি মানি চলিব লাগে। তেওঁ এইটো কৰিছিল, আনকি যেতিয়া ঈশ্বৰে অদেশ দিছিল সৈন্যও অৰ্থহীন হৈ পৰিছিল, আৰু প্ৰতিজ্ঞাৰ দেশলৈ যোৱাত ইয়ে তেওঁৰ জয়যুক্ততাৰ মূল কাৰণ।

বাইবেল এটা সম্বল যাক আমি অনেক সময়ত পাতলভাৱে লওঁ। আমি বাইবেলখন গিৰ্জালৈ লৈ গৈ বা দৈনিক ভক্তিত, নতুবা দিনে এটা অধ্যায় পঢ়ি আমি ইয়াৰ প্ৰতি চিনহিচাপে সেৱা আগবঢ়াওঁ, কিন্তু আমি ইয়াক মনত নাৰাখোঁ, ধ্যান নিদিওঁ নতুবা আমাৰ জীৱনত ব্যৱহাৰ নকৰোঁ; আমি ই দেখুৱাই দিয়া পাপ স্বীকাৰ নকৰোঁ বা ই প্ৰকাশ কৰা বৰবিলাকৰ বাবে ঈশ্বৰৰ প্ৰশংসা নকৰোঁ। যেতিয়া বাইবেলৰ কথালৈ অহা হয় তেতিয়া অনেক সময়ত হয় আমাৰ অৰুচি নতুবা বমি ভাব দেখুৱাওঁ। আমি হয়তো কেৱল আধ্যাত্মিকভাৱে জীয়াই থাকিবলৈ বাক্যৰ আহাৰ গ্ৰহণ কৰোঁ(কেতিয়াও স্বাস্থ্যৱান হ’বলৈ যথেষ্ট নলওঁ, বৃদ্ধি পোৱা খ্ৰীষ্টীয়ান), বা অধিক গ্ৰহণ কৰোঁ, কিন্তু ইয়াক কেতিয়াও ধ্যান নকৰোঁ অমাৰ আধ্যাত্মিক পুষ্টিৰ বাবে।

এইটো দৰকাৰী, যদি আপুনি ঈশ্বৰৰ বাক্য দৈনিক অধ্যয়ন আৰু মনত ৰখা অভ্যাস কৰা নাই, এতিয়া তেনে কৰিবলৈ আৰম্ভ কৰক। কিছুমানে দৈনিক কৰে। বাইবেলখন এনেয়ে নেৰি আপুনি ইয়াৰ পৰা যি শিক্ষা লাভ কৰিছে লিখি যোৱাটো অভাস কৰক। কিছুমানে ইয়াত কোৱা কথা অনুযায়ী জীৱনত পৰিবৰ্তন বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে। বাইবেল এটা হাথিয়াৰহিচাপে আত্মাই আমাৰ জীৱনত ব্যৱহাৰ কৰে(ইফিচীয়া ৬:১৭), ঈশ্বৰে দিয়া এটা প্ৰয়োজনীয় অস্ত্ৰ আধ্যাত্মিক যুদ্ধৰ বাবে(ইফিচীয়া৬:১২-১৮)।

পাপৰ বিৰুদ্ধে আমাৰ যুদ্ধত তৃতীয় চূড়ান্ত সমল হৈছে প্ৰাৰ্থনা। একেই দৰে এই সমলতো খ্ৰীষ্টীয়ানে অনেক সময়ত ওঁঠেৰে কৰে, কিন্তু ইয়াৰ উচিত ব্যৱহাৰ নকৰে। আমাৰ প্ৰৰ্থনা সভা থাকে, প্ৰাৰ্থনাৰ সময় থাকে, ইত্যাদি, কিন্তু আমি আদি মণ্ডলীৰ দৰে প্ৰাৰ্থনা নকৰোঁ(পাঁচনিৰ কৰ্ম ৩:১;৪:৩১;৬:৪;১৩:১-৩)। পৌলে সঘনাই উল্লেখ কৰিছে যিসকলৰ মাজত তেওঁ পৰিচৰ্যা কৰিছিল তেওঁলোকৰ বাবে কেনেকৈ প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে আমাক প্ৰাৰ্থনাৰ আচৰিত প্ৰতিজ্ঞা কৰিছে(মথি ৭:৭-১১; লূক ১৮:১-৮; যোহন ৬:২৩-২৭; ১ যোহন ৫:১৪-১৫), আৰু পৌলে আধ্যাত্মিক যুদ্ধৰ প্ৰস্তুতিৰ বাবে তেওঁৰ শাস্ত্ৰাংশত দিছে(ইফিচীয়া ৬:১৮)।

আমাৰ জীৱনত পাপৰ ওপৰত জয়ী হ’বলৈ প্ৰাৰ্থনা যে কিমান প্ৰয়োজনীয়? পিতৰে যিচুক অস্বীকাৰ কৰাৰ পূৰ্বে গেৎচিমানী বাগিছাত পিতৰৰ প্ৰতি খ্ৰীষ্টৰ বাক্য আমাৰ আছে। যীচুৱে যেতিয়া প্ৰৰ্থনা কৰে, পিতৰ শুই থাকে। যীচুৱে তেওঁক জগাই দি কয়, “পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্বল”(মথি ২৬:৪১)। আমি পিতৰৰ দৰে কি ভাল তাক কৰিবলৈ বিচাৰোঁ, কিন্তু আমি শক্তি পোৱা নাই। আমি বিচাৰি থকা, টুকুৰিয়াই থকা আৰু খোজি থকা ঈশ্বৰৰ উদ্‌গণি ল’ব লাগে- অমি বিচৰা শক্তি তেওঁ দিব(মথি ৭:৭)। প্ৰাৰ্থনা কিবা যাদুৰ সূত্ৰ নহয়। প্ৰাৰ্থনা হৈছে অমাৰ নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰা আৰু ঈশ্বৰৰ অসীম শক্তি আৰু তেওঁলৈ ঘূৰি সেইটোৰ বাবে শক্তি যিটো তেওঁ কৰাটো বিচাৰে, আমি যি কৰিবলৈ বিচাৰোঁ সেইটো নহয়( ১যোহন ৫:১৪-১৫)।

পাপ জয় কৰিবলৈ আমাৰ চতুৰ্থ সমল হৈছে মণ্ডলী, বিশ্বাসীসকলৰ সহভাগিতা। যেতিয়া যীচুৱে তেওঁৰ শিষ্যবিলাকক পঠাই দিছিল, তেওঁ দুজন দুজনকৈ পঠাইছিল(মথি ১০:১)। পাঁচনি কৰ্মৰ মিছনেৰীসকল এবাৰত এজনকৈ যোৱা নাছিল, কিন্তু দুই বা ততোধিক দলহিচপে। যীচুৱে আদেশ দিছিল যে আমাৰ মাজৰ সহভাগিতা এৰা নহয়, কিন্তু ইজনে–সিজনক প্ৰেম কৰিবলৈ আৰু ভাল কৰি সেইয়া ব্যৱহাৰ কৰিবলৈ কৈছিল (ইব্ৰী ১০:২৪)।তেওঁ আমাক ইজন-সিজনৰ আগত পাপ স্বীকাৰ কৰিবলৈ কৈছিল(যাকোব ৫:১৬)। পুৰণি নিয়মৰ জ্ঞান-সাহিত্যত, আমাক কোৱা হৈছে যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ মানুহেও বন্ধুৰ মুখ উজ্জ্বল কৰে(হিতোপদেশ ২৭:১৭)। সংখ্যাত শক্তি আছে( উপদেশক ৪:১১-১২)।

বহুতো খ্ৰীষ্টীয়ানে পাইছে যে যথোচিত লগৰীয়া থকিলে কঠিন পাপৰ ওপৰত জয়ী হোৱাত ডাঙৰ সহায়ক হ’ব পাৰে। যিজনে অপোনাৰ লগত কথা পতিব পাৰে, আপোনাৰ লগত প্ৰাৰ্থনা কৰিব পাৰে, আনকি আপোনাক ডবিয়াব পাৰে তেনেলোক বহু মূল্যৱান হ’ব পাৰে। আমাৰ সকলোৰে পৰীক্ষা হয়(১ কৰিন্থীয়া ১০:১৩)। এক উপযুক্ত লগৰীয়া বা দল থাকিলে আমাক চুড়ান্ত পৰ্যায়ৰ উদ্‌গনি আৰু উৎসাহ দি আমাৰ ততোতকৈ অধিক জঘন্য পাপৰ ওপৰত জয়ী হ’বলৈ সহায়ক হ’’ব পাৰে।

কেতিয়াবা পাপৰ ওপৰত বেগতে জয়ী হ’ব পাৰি। আন সময়ত, জয়যুক্ততা অধিক পলমকৈ আহে। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে আমি তেওঁৰ সমলসমূহ ব্যৱহাৰ কৰোঁতে, তেওঁ ক্ৰমে আমাৰ জীৱনলৈ পৰিবৰ্তন আনে। পাপৰ ওপৰত জয়ী হ’বলৈ আমি আমাৰ প্ৰচেষ্টা ৰাখিব লাগে, কিয়নো আমি জানো যে প্ৰতিজ্ঞা ৰখাত তেওঁ বিশ্বাসী।

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

মোৰ খ্ৰীষ্টিয়ান জীৱনত পাপৰ ওপৰত কেনেকৈ জয়ী হ’ম?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.