আত্মহত্যাৰ খ্ৰীষ্টীয়ানৰ দৃষ্টিভংগী কি? বাইবেলে আত্মহত্যাৰ বিষয়ে কি কয়?

প্রশ্ন আত্মহত্যাৰ খ্ৰীষ্টীয়ানৰ দৃষ্টিভংগী কি? বাইবেলে আত্মহত্যাৰ বিষয়ে কি কয়? উত্তৰ বাইবেলে নিৰ্দিষ্টকৈ ছজন মানুহে আত্মহত্যা কৰাৰ কথা উল্লেখ কৰিছে:অবীমেলক(বিচাৰ্কৰ্তাবিলাক ৯:৪), চৌল(১ চমূৱেল ৩১:৪), চৌলৰ অস্ত্ৰবাহক( ১ চমূৱেল ৩১:৪-৬), অহীথোফাল( ২ চমূৱেল ১৭২৩), জিম্ৰী( ১ ৰাজাৱলি ১৬১৮), আৰু যিহুদা(মথি ২৭:৫)। তেওঁলোকৰ পাঁচজন দুষ্ট, পাপীষ্ঠ(চৰিত্ৰ জানি বিচাৰ কৰিবলৈ চৌলৰ অস্ত্ৰধাৰীৰ বিষয়ে সবিশেষ কোৱা নাই)। কিছুমানে চিমচোনক…

প্রশ্ন

আত্মহত্যাৰ খ্ৰীষ্টীয়ানৰ দৃষ্টিভংগী কি? বাইবেলে আত্মহত্যাৰ বিষয়ে কি কয়?

উত্তৰ

বাইবেলে নিৰ্দিষ্টকৈ ছজন মানুহে আত্মহত্যা কৰাৰ কথা উল্লেখ কৰিছে:অবীমেলক(বিচাৰ্কৰ্তাবিলাক ৯:৪), চৌল(১ চমূৱেল ৩১:৪), চৌলৰ অস্ত্ৰবাহক( ১ চমূৱেল ৩১:৪-৬), অহীথোফাল( ২ চমূৱেল ১৭২৩), জিম্ৰী( ১ ৰাজাৱলি ১৬১৮), আৰু যিহুদা(মথি ২৭:৫)। তেওঁলোকৰ পাঁচজন দুষ্ট, পাপীষ্ঠ(চৰিত্ৰ জানি বিচাৰ কৰিবলৈ চৌলৰ অস্ত্ৰধাৰীৰ বিষয়ে সবিশেষ কোৱা নাই)। কিছুমানে চিমচোনক আত্মহত্যাৰ এক উদাহৰণ বুলি কয়(বিচাৰকৰ্তাবিলাক ১৬:২৬-৩১), কিন্তু চিমচোনৰ লক্ষ্য আছিল পলেষ্টীয়াবিলাকক বধ কৰা, নিজকে নহয়। বাইবেলে আত্মহত্যা নৰবধৰ সমানেই দৃষ্টি কৰে- এয়েই সেইটো-আত্মহনন। কেৱল ঈশ্বৰে সিদ্ধান্ত লয় কোন আৰু কেতিয়া মৃত্যু হ’ব লাগে।

বাইবেল অনুযায়ী, আত্মহত্যাই এজন মানুহ স্বৰ্গত প্ৰবেশ কৰিব নে নকৰে সেইটো নিৰ্ণয় নকৰে। যদি কোনো পৰিত্ৰাণ নোপোৱা মানুহে আত্মহত্যা কৰে, তেওঁ নৰকলৈ “লৰালৰি” কৰাৰ বাহিৰে একো কৰিব নোৱাৰে। অৱশ্যে যি জনে আত্মহত্যা কৰে তেওঁ আত্মহত্যা কৰাৰ বাবেই নহয় কিন্তু খ্ৰীষ্টৰ যোগেদি পৰিত্ৰাণ আওকাণ কৰাৰ বাবে সৰ্বশেষত তেওঁ নৰকত থাকিব। যি খ্ৰীষ্টীয়ানে আত্মহত্যা কৰে তেওঁৰ বিষয়ে বাইবেলে কি কয়? বাইবেলে শিকাই যে যি মুহুৰ্তৰ পৰা আমি প্ৰকৃততে খ্ৰীষ্টক বিশ্বাস কৰোঁ, আমাক অনন্ত জীৱন মঞ্জুৰ কৰা হয়(যোহন ৩:১৬)। বাইবেল অনুযায়ী, খ্ৰীষ্টীয়ানে নিঃসন্দেহে জানে তেওঁলোকৰ অনন্ত জীৱন থাকে(১ যোহন ৫:১৩)। খ্ৰীষ্টীয়ানক একোৱে ঈশ্বৰৰ প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰে(ৰোমীয়া ৮:৩৮-৩৯)। যদি কোনে “সৃষ্ট বস্তুৱে” পৃথক কৰিব নোৱাৰে, তেন্তে আনকি আত্মহত্যায়ো খ্ৰীষ্টীয়ানক ঈশ্বৰৰ প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰে। যীচু আমাৰ সকলোৰে পাপৰ বাবে মৃত্যু হ’ল, আৰু যদি প্ৰকৃত খ্ৰীষ্টীয়ান, যদি কোনো আধ্যাত্মিক আক্ৰমণ বা দুৰ্বলতাৰ বাবে আত্মহত্যা কৰে, তেতিয়াও সেই পাপ যীচুৰ তেজে মোচন কৰিব।

আত্মহত্যা তেতিয়াও ঈশ্বৰৰ বিৰুদ্ধে গুৰুতৰ পাপ। বাইবেল অনুযায়ী, আত্মহত্যা হৈছে নৰবধ; ই সদায়ে অন্যায়। বিশ্বাসৰ যাথাৰ্থতাৰ বিষয়ে গুৰুতৰ সন্দেহ উত্থাপিত হ’ব যিজনে খ্ৰীষ্টীয়ান বুলি দাবী কৰে কিন্তু আত্মহত্যা কৰে। এনে কোনো পৰিস্থিতি নাই যিটোৰ কাৰণে খ্ৰীষ্টীয়ানে আত্মহনন কৰি নিৰ্দোষী হৈ থাকিব। খ্ৰীষ্টীয়ানসকলক ঈশ্বৰৰ বাবে জীয়াই থাকিবলৈ আহ্বান কৰিলে, আৰু কোন আৰু কেতিয়া মৃত্যু হ’ব সিদ্ধান্ত কেৱল ঈশ্বৰৰহে। যদিও ইয়াৰে আত্মহত্যাৰ বিষয়ে বৰ্ণনা কৰা নাই, ১ কৰিন্থীয়া ৩:১৫ পদত সম্ভতঃ এটা ভাল বৰ্ণনা এজন খ্ৰীষ্টীয়ানে আত্মহত্যা কৰিলে কি হয়: “তথাপি তেওঁ নিজে অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰেই পৰিত্ৰাণ পাব।”

[English]



[অসমীয়া হোম পেজলৈ ঘূৰি যাওক]

আত্মহত্যাৰ খ্ৰীষ্টীয়ানৰ দৃষ্টিভংগী কি? বাইবেলে আত্মহত্যাৰ বিষয়ে কি কয়?

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.